উদ্ধৱ থাকৰেৰ সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে এনচিপি নেতা অজিত পাৱাৰক বিজেপি সাংসদৰ সাক্ষাৎ…

0
286

শনিবাৰে বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ। কিন্তু উদ্ধৱ থাকৰেৰ এই অগ্নি পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বিজেপি সাংসদ প্ৰতাপ ৰাওয়ে এনচিপিৰ নেতা অজিত পাৱাৰক সাক্ষাৎ কৰাক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ এবাৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে এনচিপি নেতা অজিত পাৱাৰে তেওঁৰ এই সাক্ষাৎ মাথো সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ হে আছিল বুলি মন্তব্য কৰে। তেওঁ কয়, ‘ৰাজনীতিত এনে সাক্ষাৎ হৈয়েই থাকে। মোক বহু দলৰ নেতাই সাক্ষাৎ কৰিবলৈ আহে।’

উল্লেখ্য যে, উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন ত্ৰিদলীয় চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ, অধ্যক্ষৰ নিৰ্বাচন, বিৰোধী পক্ষৰ নেতাৰ ঘোষণা আৰু ৰাজ্যপালৰ অভিভাষণৰ বাবে শনিবাৰৰ পৰা দুদিনীয়াকৈ বিধানসভাৰ অধিবেশণ আহ্বান কৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ত্ৰিদলীয় চৰকাৰৰ সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে বিজেপি সাংসদৰ অজিত পাৱাৰক সাক্ষাতে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পুনৰ এবাৰ পট সলনি কৰিব নেকি বুলিও চৰ্চা চলিছে।

 

প্ৰণিধানযোগ্য যে, শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিয়ে মিলি চৰকাৰ গঠনৰ ঘোষণা কৰাৰ এদিন পিছতে যোৱা সপ্তাহত অতি নাটকীয়ভাৱে অজিত পাৱাৰৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰীৰূপে পুৱাই শপত লৈছিল দেবেন্দ্ৰ ফড়নবিছে। আনহাতে উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল এনচিপিৰ নেতা অজিত পাৱাৰে।

কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে এনচিপি-কংগ্ৰেছ আৰু শিৱসেনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ পূৰ্বে সংখ্যা গৰিষ্ঠতা নথকাৰ বাবে অজিত পাৱাৰ আৰু দেবেন্দ্ৰ ফড়নবিছে পদত্যাগ কৰে। তাৰ পিছতে অজিত পাৱাৰে ত্ৰিদলীয় মিত্ৰজোঁটলৈ সমৰ্থন আগবঢ়োৱাৰ ঘোষণা কৰে।

শেহতীয়াকৈ বিজেপি সাংসদ প্ৰতাপ ৰাওৱে অজিত পাৱাৰক সাক্ষাৎ কৰাৰ পিছত মহাৰাষ্ট্ৰৰ ত্ৰিদলীয় চৰকাৰ ভংগ কৰিবলৈ বিজেপিয়ে নতুন ৰণনীতি প্ৰস্তুত কৰাৰো আশংকা ব্যক্ত কৰিছে বিভিন্নজনে। ত্ৰিদলীয় মিত্ৰজোঁটে দাবী কৰা মতে ১৭০ জন বিধায়কৰ সমৰ্থন আছে উদ্ধৱ থাকৰেৰ চৰকাৰলৈ। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১৪৫ জন বিধায়কৰ সমৰ্থন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here