পুনৰ নিৰ্ভয়া কাণ্ড! ২২ বছৰীয়া মহিলা চিকিৎসকক বলাৎকাৰৰ পাছত জ্বলাই দিলে ৪ পাষাণে…

0
270

পুনৰ সংঘটিত হ’ল নিৰ্ভয়া কাণ্ড।হায়দৰাবাদত বৃহস্পতিবাৰে এগৰাকী ২২ বছৰীয়া মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, মহিলাগৰাকীক চাৰিজন পাষাণ যুৱকে নিশা দলৱদ্ধভাৱে বলাৎকাৰ কৰাৰ পাছত জ্বলাই দিয়ে।

হায়দৰাবাদৰ শ্বাদনগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত মহিলা চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীক মৃত চিকিৎসকগৰাকীৰ ভগ্নীয়ে জনাই যে, নিশা কাৰ্যালয়ৰ পৰা ঘৰ অভিমুখে ঘূৰি অহা পথত স্কুটীখনৰ চকা ফুটিছিল। নিশা প্ৰায় ৯.৪৫ বজাত মৃত চিকিৎসকগৰাকীয়ে কৰিছিল এই ফোন। লগতে চাৰিজন যুৱকে তেওঁক স্কুটীখন মেৰামতি কৰাত সহায় কৰা বুলিও ফোনতে জনোৱা বুলি সদৰী কৰিছে ভগ্নীয়ে।

ইফালে, আৰক্ষীয়ে এলেকাটোৰ এখন গেৰেজৰ স্বত্তাধিকাৰক এই সন্দৰ্ভত সোধ-পোছ কৰাত জানিব পাৰে যে, এজন যুৱকে এখন স্কুটী নিশা প্ৰায় ৯-২০ বজাত মেৰামতি কৰিবলৈ আনিছিল। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কেইজনক চিচি টিভি ফুটেজৰ দ্বাৰা চিনাক্ত কৰিছে। অভিযুক্ত চাৰিজনৰ নাম ক্ৰমে মহম্মদ পাছা, নবীন, কেশ্বাবুলু আৰু শিৱা। আৰু চাৰিওজনকে আৰক্ষীয়ে আটক কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here